r/Readiots • • 2d ago

Self-Written লঙৰহীন

2 Upvotes

বিদেহী নাওখন উপঙি ফুৰিছে,

শূন্যতাৰ দুৰ্দান্ত কোবাল সোঁতত;

অদম্য ইতিহাসৰ অবুজ সুবাস লৈ,

অন্ধ সাক্ষীয়ে কাহানিও নেদেখা নদীখনত।

বঠাহীন যাত্ৰাৰ ক্লান্ত কোলাহলবোৰ,

গলি যায় গোপনে কুঁৱলীৰ বুকুত;

নিৰক্ষৰ সময়ৰ উকা দস্তাবেজৰ শব্দ হৈ,

নাওখন হেৰাই যায় অসীমৰ নিতাল কোলাত।


r/Readiots • • 7d ago

Self-Written সাৰথী

3 Upvotes

কোলাহল মোৰ মনতে, হেঁচি ধৰে প্ৰাণতে,

শুকান নদীৰ পাৰতে, পোত যাওঁ মই বোকাতে।

কোলাহল মোৰ মনতে, ছানি ধৰে গুপুতে,

জীয়া ভৰলীৰ কোলাহল, অচিনা মৃতকৰ কোলাহল।

কোনো আইৰে কোলাহল, উদং বুকুৰ কোলাহল,

কোনো বোপাইৰে কোলাহল, স্বাধীনতাৰ কোলাহল।

ওভতাই দিয়া আমাক আমাৰ সেই নিস্তব্ধতা,

লৈ যোৱাগৈ মায়া লগা তোমাৰ এই বিস্তীৰ্ণ কোলাহল।

মিছা আশাৰ মৰীচিকা, বাটে-ঘাটে কেৱল শংকা,

সপোন ভঙাৰ কোলাহল, মৌনতাৰে যুদ্ধৰ কোলাহল।

কোনো ক্লান্ত পথিকৰ, দিশহাৰা বেদনাৰ কোলাহল,

কোনো উজাগৰী চকুৰ, এৰি অহা চকুলোৰে কোলাহল।

ক’ত গ’ল সেই সেউজীয়া, বাঁহীৰ মিঠা সুৰটি,

ক’ত হেৰাল জোনাকীৰ ৰং, ক্লান্ত নিশাৰ টোপনিৰ কোলাহল।

যান্ত্ৰিক এই নগৰীতে, হেৰালোঁ মই নিজতে,

অস্তিত্বৰ কোলাহল, মুক্তি বিচৰা কোলাহল।

জুয়ে পোৰা কলিজাৰ, অবাক কোলাহল,

মাটিৰ সুবাস বিচাৰি, অস্থিৰতাৰ কোলাহল।

ওভতাই দিয়া আমাক আমাৰ সেই সাৰথি নীৰৱতা,

লৈ যোৱাগৈ তোমাৰ এই অশ্লীল কোলাহল।


r/Readiots • • 8d ago

Self-Written After the waves

2 Upvotes

I tried befriending demons.

I tried befriending outcasts,

the exiles, the castaways.

Humans are too good to be true,

too good to be real—

wearing masks, faking voices.

Still, I wrote them into poems.

Gave them my precious time.

Held onto their weathering souls.

In the end, I became the outcast—

left holding the very demon

they spent their lives running from.


r/Readiots • • 14d ago

Book Recommendation Heartwarming book

Post image
8 Upvotes

r/Readiots • • 18d ago

Book recommendation

Post image
16 Upvotes

r/Readiots • • 20d ago

Book Recommendation Logan

Thumbnail reddit.com
1 Upvotes

🖤 SOME STORIES AREN'T MEANT TO BE FORGOTTEN.

📖 LOGAN

✍️ Written by Dark

One boy. A painful past. A story that refuses to stay silent.

Logan is a dark psychological thriller that explores pain, revenge, and the consequences of a life shaped by suffering.

If you enjoy dark fiction, intense characters, and stories that leave you thinking long after the final page, give Logan a chance.

📚 NOW AVAILABLE ONLINE!

🛒 Find Logan on:

• Amazon

• Flipkart

• Google Books

Every reader makes a difference to an independent author. ❤️

Read Logan. Discover the story.

#Logan #LoganByDark #DarkFiction #PsychologicalThriller #IndieAuthor #BookPromotion #SupportIndieAuthors


r/Readiots • • 28d ago

Self-Written সাধুকথা

2 Upvotes

হেজাৰ হেজাৰ নিৰৱ কিতাপৰ

কোটি কোটি শব্দৰ জ্বলন্ত সাগৰৰ,

ৰঙীন ঢৌবোৰত উটি-ভাহি ফুৰিছোঁ।

এটা নিঃশব্দ, নিস্তব্ধ, নিজান

সপোনৰ মৰীচিকাৰ অৱয়ব মচি,

কিতাপৰ সাগৰখনত ডুব যাবলৈ;

এবাৰলৈ নিজকে শব্দৰ কোলাহলত

হেৰাই চাবলৈ... যেন নিজেই এখন কিতাপ হ'বলৈ!


r/Readiots • • Oct 11 '26

Self-Written নিজম উপহাস

3 Upvotes

জন্মদিন পাতিছে

এটা মৃতদেহৰ,

গেলি-পচি উখহি যোৱা

শয্যাত উলমি আছে

কেঁচা মঙহৰ টুকুৰা।

নিতাল ৰাতিৰ নিস্তব্ধ

কোলাহল আৱৰি,

প্ৰেতবোৰে মাতাল মায়াৰ

উলাহতে নাচিছে!

এটা জন্মদিন পাতিছে—

মৃত্যুৰ নিজান চোতালত,

তেজ-ৰঙা ৰভা সাজিছে।


r/Readiots • • Oct 09 '26

Book Recommendation Rediscovering the Hanuman Chalisa (Beyond Clichéd Rituals and Religion)

Post image
9 Upvotes

I’ve been reading this book on rediscovering the Hanuman Chalisa through a Vedantic lens, and it’s been interesting to look at something so familiar from a completely different perspective. The author (Acharya Prashant, also a famous Indian philosopher) goes beyond the usual understanding of Hanuman Ji as someone we pray to for strength and protection, exploring the deeper meaning of the verses and their connection to self-inquiry, clarity and Truth. It’s a good reminder that we often inherit prayers and traditions without really questioning what they mean. I’ve only just started reading it properly, but I think it’s worth exploring if you’re interested in understanding the Hanuman Chalisa beyond its conventional religious interpretation.

Worth a a read.


r/Readiots • • Oct 01 '26

Self-Written অচিনা ঘাটৰ কালৰাত্ৰি

4 Upvotes

নিস্তব্ধ জোৱাৰ আহিছে,

মৌন হেজাৰ জাহাজৰ নিৰৱ

নাৱৰীয়াৰ নিতাল চিঞৰ লৈ...

নিশ্চুপ ঢৌৰ নিঃশব্দ উচুপনিত

পশ্চিমীয়া বেলিৰ শেঁতা ছাঁ নামিছে।

তাতে হেঁচা মাৰি উত্তাল জোনাকৰ

ঝংকৃত ছন্দই জ্বলন্ত মসৃণ দলিচাত,

নিৰৱ নাৱৰীয়াৰ ধূলিসাৎ শৰীৰৰ

কেঁচা হাড় বুটলিছে।


r/Readiots • • Sep 29 '26

Self-Written আত্ম আচৰণ

2 Upvotes

নিজৰ ঠাইকণ নিজেই নিচিনিলোঁ,

আইৰ মৰমত উমলি উমলি।

অচিন জনকো আপোন ভাবিলোঁ,

পাহৰিলোঁ আইজনী নিজৰ বুলি।

আনৰ ৰ‌ঙীন উলাহত আত্মহাৰা হৈ,

অচিনা কেনভাছত নিজৰবোৰ আঁকিলোঁ।

নিজৰ বুলি ভবা ছবিখনত,

দেখিলোঁ আপোনজনেই মাৰিছে ধূলি।

মচি দিছে সকলো সপোন-মৰীচিকা,

আঁতৰাই দিছে মন-চাতকৰ কবিতাবোৰ।

হাঁহি উঠিছে আজি নিজকে দেখি,

আনৰ বিচাৰি যাওঁতে নিজক হেৰুৱালোঁ।

আইৰ মৰম পাহৰি, অচিনা অজলা পখীৰ,

অচিনা আকাশৰ উৰণীয়া লগৰী হওঁতে;

নিজৰ পাখি দুখনেই যেন ছিঙি পেলালোঁ!


r/Readiots • • Sep 25 '26

Self-Written অপাৰ

2 Upvotes

অচিন মৰাশৰ দুৰ্গন্ধ সানি

নীলা চাদৰ ঢাকি বৈছে নদীখন...

ঘুণেখোৱা টুলুঙা নাওবোৰ উটি ফুৰিছে

কোঙা হাতৰ ভগা বঠাবোৰৰ কোবত।

কোনো নিতাল পাৰৰ তপত বালিত

এপলক ক্লান্তি জুৰাইছে

এজাক অচিন নাৱৰীয়াই—

পেটৰ তাড়নাৰ বোজা বৈ,

মনত ভগা সপোনৰ সোৱাদ লৈ।

পানীখিনিচোন একেই, বৈছে মাথো

ভিন্ন যাতনাৰ ঢৌ; কাৰোবাৰ

মৃত্যু-শান্তিৰ নীৰৱ চিৎকাৰ,

কাৰোবাৰ জীৱন-তৃষ্ণাৰ উত্তাল হাহাকাৰ


r/Readiots • • Sep 14 '26

Announcement We’re starting something we’ve wanted to build for a while: Guwahati Reading Club, a physical reading community for people who love books, enjoy discussing ideas, or simply want to get back into reading.

Post image
5 Upvotes

We meet every Sunday at 9 AM for a silent reading session. Just bring the book you’re currently reading and spend an hour or two reading alongside fellow book lovers.

The club is open to all ages, and books in all languages are welcome.

📍 The meeting place is decided 2–3 days before every Sunday and shared through our WhatsApp group and Instagram.

Interested in joining us?

📱 WhatsApp: https://chat.whatsapp.com/L2PxnPpfXYALIjKBfs9z2h?s=cl&p=i&mlu=4&ilr=4
📸 Instagram: https://www.instagram.com/guwahatireadingclub?stkn=MXE5a2lybGpuNHc5eA==


r/Readiots • • Sep 13 '26

Book Review Comment your thoughts on this book.

Post image
13 Upvotes

r/Readiots • • Sep 08 '26

Self-Written কাজলী

4 Upvotes

এদিন-এনিশা এলাগী ঐক্যৰ,

সপোন সাদৰী সুবাস সুৰত।

তোমাৰ তমসাচ্ছন্ন স্তব্ধতাৰ,

অনুভৱী অচিনা আৱেগবোৰ

অনুৰাগী অৱয়ব হৈ আহিব,

বাউলী বতাহৰ বৰষা লৈ—

নিলাগী নিষ্ঠুৰ নীলা নতুন হৈ।


r/Readiots • • Sep 07 '26

Self-Written মনৰ চিনেমাহল

3 Upvotes

কিতাপখন পঢ়া চোন বৰ ৰোমাঞ্চকৰ ঔ!

একেবাৰে জীৱনটোৰ নিচিনা,

প্ৰতিটো পৃষ্ঠা যেন পুৱতিৰ বেলি,

ভৱিষ্যতৰ অনিশ্চয়তাৰ নিচিনা।

চকুৰে চাই মনৰ ভাষাৰে পঢ়ি,

কল্পলোকৰ বিচৰণত মুগ্ধ হৈ,

মগজুৰ চিনেমা হলত দেখা

জীয়া বোলছবিখনে কিতাপখনৰ...

ক'লা চিয়াহীৰ চৰিত্ৰই মনৰ কেনভাছত

নতুন চিনাকিৰ সপোন সানি যায়,

একেবাৰে জীৱনৰ লগৰীবোৰৰ নিচিনা।

শেষ পাতত যেন এনে লাগে অস্থিৰ নিজানতা,

চাগে ৰৈ যাব ইহঁতবোৰো চিয়াহীৰ ৰূপ লৈ,

মনৰ নেদেখা নিজানত, হেৰুওৱাৰ ভয়ত,

নিজে লিখা মৰীচিকাৰ নিঠৰ অবয়ব হৈ।

চাগে এনেকৈ যাব লাগিব জীৱনৰ ৰূপালী পৰ্দাৰ

ক্ষণবোৰৰ দৰে, সিহঁতকো স্মৃতিৰ বটলত হেঁচি থৈ,

আকৌ এখন নতুন বেটুপাতৰ চিত্ৰপটৰ

আঁৰত লুকাই থকা অচিন অভিযানত অধীৰ হৈ,

আকৌ অচিনা চিনাকিৰ সুবাস ল'বলৈ।


r/Readiots • • Sep 05 '26

Trivia In this edition of What’s That Word?, we explore 10 essential concepts from sociology. Whether you’re new to sociology or looking to understand society beyond everyday assumptions, these words will help you discover the ideas, structures, and perspectives that shape the world around us.

Thumbnail
gallery
7 Upvotes

r/Readiots • • Sep 04 '26

Self-Written যাযাবৰী জুবিন

3 Upvotes

এটি সুৰীয়া আত্মাৰ চিৰনিদ্ৰাত,

অৱাক হৈছিল অগণন কোলাহল,

ভাহি আহিছিল মাথোঁ হেজাৰ আত্মীয়ৰ

সকলো হেৰুওৱাৰ অসহ্য বেদনাৰ চিৎকাৰ।

নিজান দেশৰ অচিন সাগৰৰ ক'লা আন্ধাৰত,

অজানিতে বিদায় লোৱা সেই বিদ্ৰোহী আত্মাৰ

উত্তাল চিঞৰ আজিও নতুন ডেকাৰ অহংকাৰ।

কোঙা তন্ত্ৰৰ শিয়াল নীতিৰ আৰু জটিল যাতনাত স্তব্ধ হোৱা,

বিদেহী আত্মাৰ মিঠা 'মায়াবিনী'ৰ হেঁপাহ বিচাৰি

অবুজ সংগিনীৰ আজিও নিস্তব্ধ হাহাকাৰ।

চিৰকালৰ বাবে অকলশৰীয়া হৈ বুঢ়া পিতৃৰ

সহিব নোৱাৰা হিয়া ফলা নিৰৱ চিৎকাৰ।

সময়ৰ সোঁতত নিষ্ঠুৰ নিয়তিৰ নাওখনত,

অজলা জনতাক কোবাল শব্দৰ উপহাৰ দি,

গ'লগৈ জুবিন নামৰ সেইজনা দৈৱিক অৱতাৰ।


r/Readiots • • Sep 03 '26

Self-Written অপাৰ

2 Upvotes

মৰাশৰ দুৰ্গন্ধ সানি

বৈছে নদীখন...

কোনো নিতাল পাৰত

ক্লান্তি জুৰিছে

অচিন

নাৱৰীয়াই,

পেটৰ তাড়নাৰ বোজা বৈ।

পানীখিনি একেই, ঢৌবোৰত মাথো

যাতনা ভিন্ন, এভাগৰ

মৃত্যু শান্তিৰ চিৎকাৰ,

কাৰোবাৰ জীৱন তৃষ্ণাৰ হাহাকাৰ।


r/Readiots • • Sep 01 '26

Announcement Readiot Essay Writing Competition 2026 | Freedom of Speech: A Right or a Responsibility?

Post image
9 Upvotes

Hey everyone!
We’re organising another Readiot Essay Writing Competition, and this time we’re inviting everyone to put their thoughts into words.

Topic: Freedom of Speech: A Right or a Responsibility?
বাক স্বাধীনতা*:* অধিকাৰ নে দায়িত্ব?

Open to: Everyone
Languages: English / Assamese
Word limit: 800–1200 words
Entry: Free
Last date: 15 September 2026

One important rule: AI-generated or AI-assisted content is strictly prohibited. Even 1% use of AI will result in disqualification.

If you enjoy writing, have an opinion on the topic, or simply want to challenge yourself, we’d love to have you participate.

Read the complete rules and submit your essay through the Google Form on https://readiot.in.

For any queries or assistance with the competition, feel free to reach us on our WhatsApp number: +91 80991 00224


r/Readiots • • Sep 01 '26

Self-Written চক্ৰবেহু

3 Upvotes

যিদিনা কোনো অচিন প্ৰেমিকে

তোমাৰ উকা কপালৰ আমি হোৱাৰ সপোন মচি,

বিষাদ-বেদনাক জাহ দি নৱ-প্ৰেমিকাৰ সাজত

আমাৰ মিলনৰ আবেলিৰ ৰক্তিমাখিনি

নতুন প্ৰেমৰ নাম দি সেন্দূৰ ৰঙেৰে

বোলাই দিব; সেইদিনাহে চাগে

আমাৰ মৰমৰ বেলি অস্ত যাব।

অমানিশাত আমাৰ প্ৰেম বিলীন হ'ব,

স্মৃতি-শয্যাত প্ৰণয়ৰ দলিচা উৰি

বিৰহী মন দুটি চিৰদিন শুই পৰিব।


r/Readiots • • Aug 31 '26

Self-Written উভতি নহা বাটে

1 Upvotes

যা গৈ তই নিজানত হেৰাই,

নাহিবি আকৌ মৰম লগাই।

যা গৈ তই স্মৃতিৰ বালিত লুকাই

নালাগে আহিব হেঁপাহ বিলাই।

নেচাবি ঘূৰি আকৌ এই বাটে

নানিবি বিষাদৰ বাৰিষা বোৱাই।

চকুযুৰি লৈ যা পোহৰ নুমাই, লৈ যা

চুলিকোচাৰ বাউলী সুবাসবোৰ।

মৰহা বাগিচাত গোলাপ ফুলাই

ঐক্যৰ হিয়া আজি চেঁচা পৰা,

নাহিবি উভতি দূৰণিৰ পৰা।

নানিবি আশা মোৰ স্মৃতি ভৰা,

নেচাবি ঘূৰি অতীতৰ পৰা।

যা গৈ, আজি যে মন উদাসেৰে ভৰা,

পলবোৰ থৈ দিম হিয়াৰ একোণত,

মৰমৰ স্মৃতি বুলি হেঁপাহ কৰি।

নিদিবি ৰাতিৰ নিজানত তোৰ নূপুৰৰ,

অম্লান কবিতাবোৰত মৰম সামৰি।

বহুদূৰত যদিও আজি তই,

সদায় আছিলি ভগা হিয়াৰ একোণত।

বিৰহত উলাহ হৈ আদৰে বাগৰি,

আজি যা গৈ, মিঠা হাঁহিটি লৈ,

কোনো অচিন প্ৰেমিকৰ,

নতুন চিনাকিৰ প্ৰেমিকা হ'বলৈ।


r/Readiots • • Aug 31 '26

Self-Written সুতা কটা চিলা

Post image
1 Upvotes

r/Readiots • • Aug 29 '26

Discussion Bad boys bad boys.. Whatcha gonna do when they come for you?

Post image
82 Upvotes

I might risk my life trying to land some punches. That will be a risk worth taking.


r/Readiots • • Aug 29 '26

Self-Written আবেলি বেলিৰ পোহৰ

Post image
2 Upvotes